মানুহবোৰে কোৱাকুই কৰিলে-"তাইৰ বুকুত বতাহ লাগিছিল" |
ঠিক তেনেকৈয়ে পৰি আছিল তাই
যেনেদৰে সিহঁতি পেলাই থৈ গৈছিল
আমি দৌৰিছিলো
কোনে জানো ৰিঙিয়াই ক'লে" কাপোৰ এখন গাত দি দে উদং হৈ আছে" |
তাইৰ এখন হাত সজোঁৰে মাটিত খামুচি আছিল...
ভৰসা আছিল মাটিত|
ভৰসা নাছিল বুকুলৈ আগবাঢ়িযোৱা নাঙঠ হাতবোৰৰ |
হাতদুখন বুকুত থৈ বিৰবিৰালো...নিৰ্জনতাত সৰি নপৰক আৰু কুমাৰী জোন |
This poem has not been translated into any other language yet.
I would like to translate this poem