তোক মই বৃদ্ধাশ্ৰমত নাৰাখোঁ মা
দীপ্তি দেউৰী বৰা
কথাবোৰ সিমানতেই শেষ নহয় মা...
ইমান দূৰৈত তোৰ পৰা..
আশাবোৰ, সপোনবোৰ ফুলাবলৈকে তোৰ আৰু মোৰ মাজত এই ব্যৱধান
হোষ্টেলৰ প্ৰতিটো নিশা বিচনাচাদৰখন পাৰিবলৈ লওঁতেই...
নকওঁ মা আৰু নকওঁ..
হেঁপাহৰ ভাত সাজ তোৰেই হাতত
....
অ মা চোলাটো দলিয়াই যে দিলো বিচনালৈ..
তই যে আঁতৰত পাহৰি গ'লো
..
কেতিয়াবা তই চিঞৰা যেন লাগে..
ঘুৰি চাওঁ কোনো নাই..
..
বন্ধত ঘৰলৈ যাম..
তই দিয়া পইচাৰে তোলৈ কিবা এটা লৈ যাম
..
চাকৰি পালে এযোৰকাপোৰ দিম
মই জানো তই নালাগে বুলি কবি
মোৰ চাকৰিটো হ'লে তই সুখী হ'বি
মই জানো
মাঅ..
মনত পেলাওঁ তোক
তই নকৰিবি দুখ
..
হাজাৰ সংঘাতে আঁতৰাব নোৱাৰে তোৰ পৰা..
যিখন ঘৰ তোৰ সেই খন ঘৰ মোৰ
যিখন ঘৰ মোৰ সেইখন ঘৰ তোৰো
...
তই বাতৰিবোৰ পঢ়ি ভয় নকৰিবি
মই জানো
কাকতত বৃদ্ধাশ্ৰমৰ কথা পঢ়িলেই তই মোলৈ ফোন কৰ
বৃদ্ধাশ্ৰমৰ কথা নাভাবিবি
.মই তোক বৃদ্ধাশ্ৰমত নাৰাখোঁ মা
কেতিয়াও নাৰাখো |
..
মাঅ গাচোন গা গা...মই হোষ্টেলৰ বিচনাতে টোপনি যাওঁ
আমাৰে মইনা শুবএ
বাৰীতে বগৰী ৰুব এ...
This poem has not been translated into any other language yet.
I would like to translate this poem